কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত এজন

ভোট গণনা লৈ মাজতে মাথো এটা দিন বাকী থকা অৱস্থাত কোকৰাঝাৰৰ পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে। অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে বৃহস্পতিবাৰে মাজনিশা কোকৰাঝাৰ জিলাৰ হালাংবাজাৰস্থিত ইউপিপিএলৰ যুৱ কাৰ্যালয়ত গুলীচালনা কৰা ঘটনাৰ পিছত শুক্ৰবাৰে নিশা কাৰিগাঁৱৰ বড়োলেণ্ড ধাবাত আৰক্ষীৰ গুলীত এগৰাকী যুৱক আহত হয় ।

আৰক্ষীৰ গুলীত আহত হোৱা যুৱকগৰাকীক চিৰাং জিলাৰ পুৱ চামথাইবাৰীৰ প্ৰাজীৱ শীল বসুমতাৰী(১৯)বুলি জানিব পৰা গৈছে । ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হোৱা যুৱকগৰাকীক প্ৰথমে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ঘটনাটো অদ্যপি ৰহস্যজনক হৈ আছে ।

Leave A Reply

Your email address will not be published.