মঙলবাৰে ধেমাজিত ২৪ জন কোভিড পজিটিভ

মঙলবাৰে কোৰোনা পৰীক্ষা কৰা ধেমাজি জিলা স্বাস্থ্য বিভাগৰ   উ েদ্যাগত ৭৩৯ গৰাকীৰ ভিতৰত ২৪ গৰাকীয়েই কোভিড পজিটিভ বুলি ধৰা পৰে ।ধেমাজি জিলাখনত মঙলবাৰৰ দিনটোৰ সন্ধিয়ালৈকে চিনাক্ত হোৱা সকলৰ সৈতে ২৯২ জনলৈ বৃদ্ধি পাই কোভিড পজিটিভ ।মঙলবাৰে এজন লোকক অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰন কৰাৰ সৈতে এতিয়াও মুঠ ৬ গৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে।২৫৩ গৰাকীৰ হোম আইছ’লোচনত  চিকিৎসা চলি আছে আৰু ৪৬  গৰাকী বৰ্তমান সুস্থ হৈ উঠিছে  ।ধেমাজিৰ ব্যক্তিগত মিচনেৰী ইংৰাজী মাধ্যমৰ ধেমাজি এছ .এফ .এছ স্কুলত দুগৰাকী শিক্ষকৰ দেহত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ পিছত কালিও ধেমাজি নগৰতে একেটা পৰিয়ালতে ৯ গৰাকীলোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে ।ইয়াৰ উপৰিও ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়এীৰ সৈতে একেটা পৰিয়ালৰে তিনিজন লোকৰ কোভিড পজিটিভ বুলি ধৰা পৰিছে ।ধেমাজি অসামৰিক চিকিৎসালয়ত মঙলবাৰে দুপৰীয়া হোৱা ক’ভিড টেষ্টৰ পৰীক্ষাত সহযোগী অধ্যাপক ৰিদিপ ফুকন নামৰ লোকজনৰো কোভিড পজিটিভ বুলি ধৰা পৰে ।অধ্যাপক গৰাকীয়ে বিগত মাহৰ ৪ মাৰ্চত প্ৰথম পালি আৰু চলিত মাহৰ ৪ এপিলত দ্বিতীয় পালি ভেকচিন লৈছিল।২৩ দিনৰ পিছত মঙলবাৰে কোভিড পজিটিভ হোৱাৰ খবৰটোৱে ৰাইজক বেছি আতংকৰ সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.