৩০ এপ্ৰিলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে বন্ধ হ’ব হাতী চাফাৰী

অহা ৩০ এপ্ৰিলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে বন্ধ হ’ব হাতী চাফাৰী৷ মংগলবাৰে বনবিভাগৰ এক জাননীৰ যোগে এই কথা ঘোষণা কৰিছে কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে৷৩০ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই নিৰ্দেশ৷

উল্লেখ্য যে যোৱা ২১ অক্টোবৰৰ পৰা কোভিড সংক্ৰমনৰ মাজতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল৷অক্টোবৰ মাহৰ পৰা চলিত মাহৰ ২১ তাৰিখলৈকে মুঠ ১,৯৮,৫৯৫ গৰাকী পৰ্যটকে কোভিড সংক্ৰমণ কালতেই কাজিৰঙা দৰ্শন কৰিছিল। ইয়াৰ ভিতৰত আছিল ৫৭০ গৰাকী বিদেশী পৰ্যটক৷

৩০ এপ্ৰিলৰ পৰা পৰ্যটকৰ বাবে হাতী চাফাৰী বন্ধ হ’ব যদিও জীপ চাফাৰীৰ বিষয়ে একো নিৰ্দেশ দিয়া নাই উদ্যান কৰ্তৃপক্ষই৷কোভিডৰ সংক্ৰমণৰ বাবে ইতিমধ্যেই পৰ্যটকৰ আগমনো কমিছে কাজিৰঙাত৷ যিসকল আছে তেওঁলোকেও কোভিড টেষ্টৰ উপৰিও কোভিড প্ৰটক’ল মানিব লগা হৈছে৷

Leave A Reply

Your email address will not be published.