গণসংযোগ বিভাগৰ অধ্যক্ষ সত্যকাম বৰঠাকুৰক অপসাৰণ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্রীক অশালীন প্রস্তাৱ–নির্যাতন

নিয়মীয়া বাৰ্তা ১ মেঃ বিতর্কই যেন লগ নেৰা হৈছে ডিব্রুগড বিশ্ববিদ্যালয়ক৷ ৰাজ্যৰ অন্যতম উচ্চ শিক্ষাৰ প্রাণকেন্দ্র তথা বৌদ্ধিক পীঠস্থান ডিব্রুগড বিশ্ববিদ্যালয়ত এগৰাকী জ্যেষ্ঠ অধ্যাপকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ডিব্রুগডৰ বিশ্ববিদ্যালয়ত এগৰাকী ছাত্রীক অশালীন প্রস্তাৱ আৰু যৌন নির্যাতনৰ ঘটনাৰ অভিযোগৰ সত্যতাৰ ভিত্তিত জ্যেষ্ঠ অধ্যাপকগৰাকীৰ বিৰুদ্ধে এনে পদক্ষেপ গ্রহণ কৰাত স্বাভাৱিকতে বিশ্ববিদ্যালয়খনৰ লগতে বৌদ্ধিক মহলৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷

ইতিমধ্যে বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ কমিটীৰ ওচৰত অভিযোগ দাখিল কৰাৰ লগতে সত্য বুলি প্রমাণিত হোৱাত বিশ্ববিদ্যালয় কর্তৃপক্ষই ব্যৱস্থা গ্রহণ কৰিছে অভিযুক্ত জ্যেষ্ঠ অধ্যাপকৰ বিৰুদ্ধে৷ ডিব্রুগড বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দ্বাৰা স্বাক্ষৰিত প্রসংগ নংঃ ডিইউ/আৰ জি/ইষ্ট–এ/১৭৪১–৫১ দিনাংক ২৮ এপ্রিল, ২০২১যোগে জাৰি কৰা এক নির্দেশনাত কোৱা হয় যে বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ষ্টাডিছ ইন জার্নেলিজিম এণ্ড মাছ কমিউনিকেচনৰ অধ্যক্ষ, অধ্যাপক সত্যকাম বৰঠাকুৰৰ বিৰুদ্ধে উত্থাপিত নির্দিষ্ট নির্যাতনৰ অভিযোগৰ ভিত্তিত অধ্যাপক বৰঠাকুৰৰ সকলো ক্ষমতা হস্তগত কৰি তেওঁৰ স্থানত তৎকালে কার্যকৰী হোৱাকৈ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক পি কে গগৈক নিযুক্তি দিয়া হৈছে আৰু একেটা নির্দেশনাতে অধ্যাপক বৰঠাকুৰক সকলো দায়িত্ব নৱনিযুক্ত অধ্যাপক গগৈক দিবলৈকো কোৱা হৈছে৷

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক পি কে গগৈ বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ষ্টাডিছ ইন জার্নেলিজিম এণ্ড মাছ কমিউনিকেচনৰ অধ্যক্ষ হিচাপে চাৰি বছৰ বা পৰৱর্তী নির্দেশনা নিদিয়ালৈকে এই নির্দেশনা বাহাল থাকিব বুলিও বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে জাৰি কৰা নির্দেশনাত কোৱা হৈছে৷ উল্লেখ্য যে ইতিমধ্যে ভুক্তভোগী তিনিগৰাকীকৈ ছাত্রীয়ে বিশ্ববিদ্যালয়ৰ ‘আভ্যন্তৰীণ কমিটী’ৰ ওচৰত অভিযোগ দাখিল কৰাৰ লগতে তদন্তৰ প্রতিবেদন দাখিল কৰিছে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষক৷ বিশ্ববিদ্যালয় কর্তৃপক্ষই ইতিমধ্যে অভিযুক্ত সত্যকাম বৰঠাকুৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিছে৷

অসমীয়া বিভাগৰ অধ্যাপক তথা সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ সঞ্চালকৰ দায়িত্বত থকা ড০ সত্যকাম বৰঠাকুৰৰ এনে কু–কীর্তি পোহৰলৈ অহাৰ লগে লগে বিশ্ববিদ্যালয়ৰ শৈক্ষিক মহলত সৃষ্টি হৈছে তীব্র আলোডনৰ৷ আনহাতে, বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ তদন্ত কমিটীৰ প্রতিবেদন দাখিল কৰাৰ পিছতো ৰহস্যজনকভাৱে ডিব্রুগড় বিশ্ববিদ্যালয় কর্তৃপক্ষ নির্বিকাৰ হৈ থকাৰ লগতে শাস্তিমূলক ব্যৱস্থাস্বৰূপে মাথোঁ সাংবাদিকতা আৰু গণমাধ্যমৰ দায়িত্বৰ পৰাহে অব্যাহতি দিছে৷আনহাতে, তেওঁৰ অধীনত গৱেষণা কৰি থকা অভিযোগকাৰী ছাত্রী তিনিগৰাকীকো তেওঁৰ পৰিৱর্তে আন অধ্যাপকৰ অধীনত গৱেষণা কৰাৰ বাবে নির্দেশনা দিছে৷ অধ্যাপকগৰাকীয়ে তেওঁৰ অধীনত গৱেষণা কৰা এগৰাকী ছাত্রীক দীর্ঘদিন অশালীন প্রস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছিল৷

অভিযোগ মতে, ঘটনাৰ আৰম্ভণি হৈছিল ২০১৬ চনৰ পৰাই৷ গৱেষিকা ছাত্রীগৰাকীয়ে নিজৰ গৱেষণা সংক্রান্তত গুৱাহাটীৰ এটা আর্কাইভলৈ যোৱাৰ সময়ত অধ্যাপক ড০ বৰঠাকুৰে ছাত্রীগৰাকীক হোটেলৰ কোঠালৈ বাৰম্বাৰ আমন্ত্রণ জনাইছিল৷ কিন্তু তেওঁৰ কু–ভিপ্রায়ৰ কথা জানিব পাৰি ছাত্রীগৰাকীয়ে সেই আমন্ত্রণ প্রত্যাখ্যান কৰি ডিব্রুগড়লৈ উভতি যোৱাৰ পিছত অধ্যাপকগৰাকীয়ে ঘনে ঘনে অশালীন প্রস্তাৱ দিবলৈ আৰম্ভ কৰে বুলিও অভিযোগত প্রকাশ৷

আনহাতে, গৱেষিকা ছাত্রীগৰাকীক নিজৰ বিভাগত সাক্ষাৎ কৰাৰ সলনি সন্ধিয়া সময়ত গণসংযোগ বিভাগত থকা নিজৰ আছুতীয়া কোঠালৈহে মাতি পঠিয়াবলৈ লয়৷ উপায়বিহীন হৈ ছাত্রীগৰাকীয়ে নিজৰ গৱেষণাৰ অগ্রগতিৰ বিষয়ে জনাবলৈ গণসংযোগ বিভাগলৈকে যাবলগীয়া হয়৷ সন্ধিয়া জনশূন্য অৱস্থাত গণসংযোগ বিভাগৰ নিজৰ কোঠালৈ গৱেষিকা ছাত্রীগৰাকীক মাতি নি দুৱাৰ–খিৰিকী বন্ধ কৰি নির্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগ দাখিল কৰিছে ছাত্রীগৰাকীয়ে৷ নিজৰ ‘গাইড’ৰ এই স্বৰূপ দেখি ছাত্রীগৰাকীয়ে পৰাপক্ষত তেওঁৰ পৰা আঁতৰি থাকিবলৈ লয় যদিও বাৰম্বাৰ নিজৰ বাসগৃহ, হোটেলৰ কোঠালৈ আমন্ত্রণ জনাই অকথ্য মানসিক নির্যাতন চলাই যায়৷

আনহাতে, গৱেষিকা ছাত্রীগৰাকীয়ে তেওঁৰ সকলো প্রস্তাৱ প্রত্যাখ্যান কৰাত গৱেষণাৰ কামতো বাধা দিবলৈ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ২০১৯ চনৰ ডিচেম্বৰ মাহৰ পৰাই ড০ সত্যকাম বৰঠাকুৰে তেওঁৰ জালত ভৰি নিদিয়া ছাত্রীগৰাকীৰ গৱেষণা সংক্রান্তীয় সকলো কাম বন্ধ কৰি দিয়ে৷ অসমীয়া বিভাগৰ এইগৰাকী অধ্যাপকৰ সকলো নির্যাতন নীৰৱে সহ্য কৰি যোৱাৰ পিছত ভুক্তভোগী গৱেষিকা ছাত্রীগৰাকীয়ে আভ্যন্তৰীণ কমিটীত অভিযোগ দাখিল কৰে৷ উপাচার্য–পঞ্জীয়কৰ বিত্তীয় কেলেংকাৰিয়ে ডিব্রুগড় বিশ্ববিদ্যালয়ক কলংকিত কৰি তোলাৰ পিছত এইবাৰ জ্যেষ্ঠ অধ্যাপকৰ যৌন কেলেংকাৰিয়ে ‘নাহৰৰ দেশ’ হিচাপে পৰিচিত শিক্ষানুষ্ঠানখনত তীব্র জোকাৰণি তুলিছে৷ এটাৰ পিছত আন এটা গুৰুতৰ বিতর্কত সাঙোৰ খাই পৰা ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনক কলংকমুক্ত কৰিবলৈ বিশ্ববিদ্যালয় প্রশাসনে পৰৱর্তী সময়ত কি পদক্ষেপ লয়, তাৰ প্রতি সচেতন মহলে চোকা দৃষ্টি ৰাখিছে৷ উল্লেখ্য যে ইয়াৰ পূর্বেও বিশ্ববিদ্যালয়খনৰ ইতিহাস বিভাগৰ অধ্যাপক ডম্বৰুধৰ নাথৰ বিৰুদ্ধে ছাত্রীয়ে যৌন নির্যাতনৰ গোচৰ তৰিছিল৷ কিন্তু অভিযুক্ত অধ্যাপকগৰাকীক শাস্তি বিহাৰ বিপৰীতে চৰকাৰে তেওঁক মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে নিযুক্তি দি পুৰস্কৃতহে কৰিছিল৷ তদুপৰি বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এজন অধ্যাপকৰ বহু নীলা ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ দৰে ঘটনা সংঘটিত হৈছিল৷ এনেবোৰ ঘটনাৰ পিছত পুনৰ ছাত্রী নির্যাতনৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে শৈক্ষিক মহলত৷

Leave A Reply

Your email address will not be published.